| Cotton collegiate govt. higher secondary school
fashion img

Principal Speech

fashion img

From Principal’s Desk
Dear Students, Parents, and Guardians,

I am delighted to welcome you all to another exciting academic year at Cotton Collegiate Govt. H.S School. It is with immense pleasure and pride that I address you as the Principal of this esteemed institution At Cotton Collegiate Govt. H.S School, we are committed to providing a nurturing and inclusive learning environment that empowers our students to reach their fullest potential. Our dedicated team of educators, staff, and administrators is here to support and guide each student on their educational journey. In the rapidly evolving world we live in, education plays a pivotal role in shaping the future. Our school not only focuses on academic excellence but also on character development, fostering creativity, and nurturing a sense of responsibility and leadership. We believe in holistic education that prepares our students to face the challenges of the 21st century with confidence and resilience. As we embark on this academic year, I encourage students to be curious, explore new horizons, and embrace learning as a lifelong adventure. Parents and guardians, your partnership with us is invaluable in ensuring your child's success, and we look forward to working closely with you throughout the year. Our school community is like a family, and I am here to listen to your ideas, concerns, and feedback. Please feel free to reach out to me or our dedicated team if you ever need assistance or have questions. Let us make this year a memorable and successful one. Together, we will achieve greatness! Wishing you all a fantastic academic year filled with knowledge, growth, and wonderful experiences.

Warm regards,

Reeta Basumatari, Principal i/c
Cotton Collegiate Govt. H.S School,
Panbazar, Ghy-01



অধ্যক্ষৰ বাৰ্তা
“মানুহৰ অন্তৰ্নিহিত পূৰ্ণতাৰ বাহ্যিক বিকাশেই হ’ল শিক্ষা “--- স্বামী বিবেকানন্দ শ্ৰদ্ধাৰ অভিভাৱক , শিক্ষক, কৰ্মচাৰী আৰু শিক্ষাৰ্থীসকল অত্যন্ত গৌৰৱ আৰু আনন্দৰে আমি কটন কলেজিয়েট চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অফিচিয়েল ৱেবচাইটলৈ আপোনালোক সকলোকে উষ্ম আদৰনি জনাইছো । আমি আশা কৰোঁ যে ৱেবচাইটৰ এই যাত্ৰাই বিদ্যালয়ৰ বিকাশ আৰু বিবৰ্তনক আগুৱাই নিয়াত তথা বিদ্যালয়ৰ সৌষ্ঠৱ বৃদ্ধি কৰাত সহায় কৰিব, যাৰ ফলত ই দক্ষতা আৰু কাৰ্যকাৰীতাৰ বাবে নেটৱৰ্কযুক্ত পৃথিৱীৰ সৈতে সমতা স্থাপন কৰিব পাৰিব । এই বিদ্যালয়ৰ স্পষ্ট লক্ষ্য আৰু উদ্দেশ্য হৈছে মানৱ সম্পদ গঢ়া ।এই উদ্দেশ্য মনত ৰাখি বিদ্যালয়ে প্ৰতিজন শিক্ষাৰ্থীৰ ব্যক্তিগত বিকাশৰ যত্ন লবলৈ প্ৰয়াস কৰে ।আমি আমাৰ শিক্ষাৰ্থীসকলৰ আচৰনগত অনুশাসন, নৈতিক সততা আৰু জ্ঞান বিকাশৰ ওপৰত গুৰুত্ব প্ৰদান কৰোঁ । দুটা শতিকা গৰকিবলৈ অগ্ৰসৰ হোৱা বিদ্যালয়ৰ সুনাম অৰ্জনৰ আঁৰত আছে বহু খ্যাতিসম্পন্ন শিক্ষক, কৰ্মচাৰী আৰু সহায়কসকলৰ নিষ্ঠা আৰু নিস্বাৰ্থ সেৱাৰ মনোভাৱ লগতে অভিভাৱক আৰু শিক্ষাৰ্থীসকলৰ আস্থা আৰু সহযোগিতা । ।আমি অতীত আৰু বৰ্তমানৰ শিক্ষকসকলৰ মহান অৱদানক শ্ৰদ্ধা জনাইছো লগতে শিক্ষা প্ৰসাৰৰ মহৎ কামত তেওঁলোকৰ যি নিস্বাৰ্থ সেৱা আৰু ত্যাগ তাৰ কাৰনেও তেওঁলোকক কৃতজ্ঞতা জ্ঞাপন কৰিছো । অভিভাৱক সকলক আমাৰ আন্তৰিক কৃতজ্ঞতা প্ৰকাশ কৰিছো । শিক্ষাৰ্থীসকলৰ শৈক্ষিক যাত্ৰাত পূৰ্ণ সহযোগিতা কৰাৰ উপৰিও বিদ্যালয়ৰ বিভিন্ন অনুষ্ঠান পাৰ্বনত আপোনালোকৰ প্ৰত্যক্ষ কিম্বা পৰোক্ষ সহযোগিতা সঁচাকৈয়ে প্ৰশংসনীয় । কটন কলেজিয়েট চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ বা ইয়াৰ এক অংশ হোৱাৰ বাবে আমি নিজকে সন্মানিত আৰু সৌভাগ্যৱান বুলি অনুভৱ কৰো । য’ত প্ৰতিদিনে নতুন কথা শিকিবলৈ আৰু নতুন উন্নয়নমূলক আঁচনি যুগুত কৰিবলৈ সুযোগ অৰ্জন কৰো । আমাৰ এই অফিচিয়েল ৱেবচাইটটো তথ্যৰ এক মূল্যৱান উৎস হিচাপে পৰিগনিত হ’ব বুলি আশা কৰিছো ।এই বিদ্যালয়ৰ অংশ হোৱাৰ বাবে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিলোঁ ।আমি বিদ্যালয়ৰ উন্নতিৰ বাবে সকলোৰে সহায় সহযোগিতা আৰু মতামত কামনা কৰিলো ।


আন্তৰিকতাৰে ,

ৰীতা বসুমতাৰী, ভাৰপ্ৰাপ্ত অধ্যক্ষ
কটন কলেজিয়েট চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় ,
পানবজাৰ , গুৱাহাটী -০১